নলবাৰী বাৰ্তা

নলবাৰী বাৰ্তা নলবাৰীৰ খবৰসমূহ পাবলৈ Page খন Follow কৰক।

22/05/2025

পেট্ৰ'ল পাম্প আৰু শংকৰজ্যোতি বৰুৱাৰ ঘটনাত কাৰো ওকালতি নকৰোঁ, কাৰণ ইমান থাৰ্ড ক্লাছ কথা এটাত লাগি থাকিবলৈ কাৰো সময় নাই। কিন্তু তাৰ মাজতে দুটামান কথা। এই যে "সব ফ্ৰী মে খানেৱালে" বুলি কৈছে, তাত কিন্তু অসমীয়া জাতিক ধৰি কোৱা নাই, গতিকে আবেগৰ বশৱৰ্তী হৈ আমি অনা-অসমীয়া হ'ল বুুলিয়েই বহিষ্কাৰৰ দাবী কৰিব নোৱাৰোঁ। বীৰ লাচিত সেনাই মিঞা বিৰোধী কাৰ্যপন্থা হাতত লোৱা দেখি আদৰ্শগত অমিল হ'লেও নিজেই শৃংখল চলিহাক সমৰ্থন কৰিছিলোঁ, কিন্তু আজি চান্দা উঠোৱা টকাৰ তালিকা এখন দেখি হতবাক। অসমৰ পৰিচিত গায়ক ৰাকেশ ৰিয়ানে পোষ্ট লিখিছে যে যদি অসমীয়াৰ জাৰজ সন্তান নহয় তেন্তে সেই তেলডিপুত তেল নভৰাব। অসমীয়া জাতিৰ ঠিকাটো এওঁলোকে লৈছে নেকি? আজি এখন মস্ত অধিৱেশন হওক, বিহু হওক বা অন্য অনুষ্ঠানেই হওক, তাত কিন্তু অনা-অসমীয়াইহে যথেষ্ট বৰঙণি আগবঢ়ায়। অসমীয়া জাতিৰ তথাকথিত ৰক্ষক কিছুমানে আজি দাদাগিৰি কৰি অনা-অসমীয়া লোকক ধনদাবী কৰা, বা অনাহকত বৰ্জন কৰা ইত্যাদি কাৰ্যসূচী পালন কৰাৰ দৰে একেখিনি কাম যদি বাহিৰত কাম কৰিবলৈ যোৱা অসমীয়া ল'ৰাসকলক কৰে, তেন্তে জাতীয় সংগঠনৰ কোনোবা দাদাই মাত মাতিবলৈ উঠি আহিবনে? বিহাৰৰ পৰা আহি অসমত হেনো মাটি কিনিছে, তেন্তে বিহাৰীক মাটি বিক্ৰী কৰাজনো ৰাকেশ ৰিয়ানৰ ভাষাত জাৰজ সন্তান নহ'বনে? অসমৰ জাতীয় সংগঠনে যদি অবৈধ বেদখলকাৰীসকলৰ বিৰুদ্ধে ৰাজপথত আন্দোলন কৰিলেহেতেন, তেতিয়া বহু কথাই মানি ল'ব পাৰিলোহেতেন। হয়, অনা-অসমীয়াৰ দপদপনি বহুত বাঢ়িছে, এয়া আমিও সহ্য নকৰোঁ। কিন্তু যুক্তি থকা কথা হ'লে ভাল। সেই তেলডিপুত তেল ভৰোৱা অসমীয়াবোৰ যদি জাৰজ তেন্তে অনা-অসমীয়াৰ পৰা বৃহৎ অংকৰ ধন সংগ্ৰহ কৰাসকল কি হ'ব? বৰ্জন যদি কৰিবই বিচৰা, তেনেহ'লে অনা-অসমীয়াৰ পৰা টকা উঠোৱাটোও বাদ দিব লাগিব। ভিডিঅ'ত দেখা মতে ছোৱালীজনীয়ে শংকৰজ্যোতি আৰু তাত উপস্থিত ৰাইজক কিবা কৈছে, তাৰ ভাগ অসমীয়াই কিয় ল'ব? আমাক কোৱা নাই নহয় ফ্ৰী মে খানেৱালে বুলি। যিসকল ভাইটি-ভন্টীয়ে অনাহকত আন্দোলন কৰি ফুৰা, তোমালোকে সময় থাকোতেই কৰ্ম আন্দোলনত নিয়োজিত হোৱা। কাইলৈ তোমাৰ দাদাক মুকলি কৰিলে তোমাৰ লাভ একো নাই। তুমি জবলেছ হৈয়েই থাকিবা। তোমাৰ কামটো বেলেগে কাঢ়ি নিয়াৰ আগতে তুমি লৈ লোৱা। আজিকালি AI আহিল। এনেও নিবনুৱা সমস্যা বাঢ়িব। তিলটোকে তাল কৰাটো এৰি নতুন নতুন কথা শিকাৰ সময়। অসমীয়াই খাব, শুব আৰু আন্দোলন কৰিব জানিলে উত্তৰ প্ৰদেশৰ ল'ৰাই আহি অসমত কাম নকৰি কোনে কৰিব? বিহাৰৰ ল'ৰাই আই.এ.এছ. কিয় নহ'ব?
সময় থাকোতেই ভবাটো ভাল ভৱিষ্যতৰ কথা। আজিকালি কথা কম, কাম বেছি কৰিলেহে লাভ আছে। আত্মসমালোচনাৰ খুবেই প্ৰয়োজন হৈছে অসমীয়া জাতিক।

#লেখক - বিকি ভৰদ্বাজ, অভিনেতা, গুৱাহাটী
Public Reporter

Address

Nalbari
781369

Telephone

+916002587129

Website

Alerts

Be the first to know and let us send you an email when নলবাৰী বাৰ্তা posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Club

Send a message to নলবাৰী বাৰ্তা:

Share